ব্যৱসা কৰিয়াে ভাই হৰিৰ চৰণধন সাৰ (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। ভাটিয়ালী

ধ্রুং - ব্যৱসা কৰিয়াে ভাই হৰিৰ চৰণ ধন সাৰ।

          অৰুণ চৰণ বিনে ধন নাহি আৰ।।

|| পদ ||: 

পদ- ব্যৱসা কৰিতে পাইলা নৰতনু নাৱ।।

যাৱে নাহি পচে পাৱ মাণিক বেসাৱ।।

ৰত্নৰ পাইলা দ্বীপ ভাৰতে আসিয়া।

লৈয়াে ৰামনাম ভাই মাণিক বাছিয়া।।

কৰিয়াে ব্যৱসা হৰিভকতৰ কাছে।

ৰামনাম ৰত্নৰ ভাণ্ডাৰ মেলি আছে।।

যতন কৰিয়া লৈয়াে যাক যত লাগে।

শীঘিৰ কৰিয়া ভাব ভৰা হাট ভাগে।।

সংসাৰ তৰিতে লাগে নাৱ পচে ঘাটে।

চলিতে নিকট ভয়াে ভৰা দিয়া ঝাণ্টে।।

মূল ৰাখি লাভ কৰি ভৱনদী তৰ।

যি নৰ চতুৰ মুখে ৰামনাম ধৰ।।।

ৰামনাম লৈয়াে আন আশা কৰ দূৰ।

মিছা দিয়াে সঞ্চা লৈয়াে তেবেসে চতুৰ।।

ৰামনাম ৰত্নে ভৰা দিয়াে তনু নাৱ।

হৰিগুণ গায়া যমেৰ ঘাটি মাৰি যাৱ।।

ভকতৰ ধন হৰিনামে নৱনিধি।

চাৰিবেদ বিচাৰিয়া কৈয়া আছে বিধি।।

কহয় মাধৱ দাস দীন মতিহীনা।

আন ধন অকাৰণ নামধন বিনা।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত