|| ঘোষা ||:
ৰাগ ।। শ্রী
ধ্রুং - প্রাণ পীতাম্বৰ বজায়া আৱত বেণু।
বালক বেঢ়ি খেলাই কৌতুক
শােহে তনু ধেনু-ৰেণু।।
|| পদ ||:
পদ- চন্দন তিলক অলক চাৰু সুন্দৰ
ভ্ৰুৱ সুৱলিত চাৰু হাসে।
থিৰ বিজুৰী উজ্জ্বৰ ঘন যৈছন।
শ্যাম শােভিত পীতবাসে।।
বেণু বিষাণ নিস্বান শত বাজত
ধেনু চলাৱত ৰংগে।
নিৰমল গগণে তাৰক যৈছে জলকে
ৰতন ভূষণ কালা অংগে।।
কুন্দ কুসুম কেশ ভূষিত সুন্দৰ বেশ
বিনােদ বিমল ৰস সিন্ধু।
কহয় মাধৱ ওহি জগজন বন্দন।
ভকতজনৰ নিজ বন্ধু।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1697 reads