|| ঘোষা ||:
ৰাগ ।। ধনশ্রী।
ধ্রুং – শুন শুন ৰে সুৰবৈৰী প্ৰমাণা
নিশাচৰ নাশনিদানা।
ৰামনাম যম সমৰক সাজি
সমদলে কয়লি পয়াণা ।।
|| পদ ||:
পদ- ঠাট প্রকট পটু কোটি কোটি কপি
গিৰি গৰ গৰ পদঘাৱে।
বাৰিধি তৰি তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে।।
হাট ঘাট বহু বাট বিয়াপিএ
চৌগড়ে বেঢ়ল লংকা।
গুৰু ঘন ঘন ঘােষ ঘৰিষণ গর্জন।
শ্ৰৱণে জনময় শংকা।।
ধীৰ বীৰ শূৰশেখৰ ৰাঘৱ
ৰাৱণ তুৱাপৰি জাম্পে।
সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ
মহীধৰ তৰসি প্রকম্পে ।।
অন্ধ মুগুধ দশস্কন্ধ পাপবুধ ।
জানকী শিৰত চৰাই।
ৰঘুপতি পদবৰ ধৰ ৰজনীচৰ
শংকৰ কহতু উপায়।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 9284 reads