ৰাজতু নন্দৰাজকু নন্দন (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। মাউৰ

ধ্রুং-ৰাজতু নন্দৰাজকু নন্দন।

যাকেৰি চৰণৰেণু বন্দন।।

|| পদ ||: 

পদ- শুদ্ধ পৰম ব্রহ্ম গােপকুমাৰা।

ত্রিভুৱন তাৰণ হেতু অৱতাৰা।।

কার্তিক ময়ূৰপুচ্ছ শােভে শিৰে।

মণিগিৰি গৈৰিক ৰঞ্জে শৰীৰে।।

কুন্তল কুটিল অলক ৰাজি মণ্ডন।

নখমণি-চন্দ্র তাপ তিনি খণ্ডন।।

নৱীন গুঞ্জামণি হাৰ বিৰাজিত।

স্তৱকৰাজ দুহাে শ্ৰৱণে বিভূষিত।।

নানা ৰতন-জড়িত অংগ ভূষণ।।

লাৱণ্য ধাম শ্যামতনু শােভন।।

মুকুতি বিড়ম্বন লীলা যাহাৰু।

মাধৱ কহ গতি নন্দকুমাৰু।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত